Show/Hide Keyboard Layout

আগলি বাঁহৰে

- বোলছবি

অ’ অ’ অ’ অ’ ...

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ

দেখিবৰে পৰা তোমাকে চাওঁ

চকু নাযায় আন কালৈ

লগৰী বোলোনে কোৱানা

ঘুমটিৰ বেলাতে চিকুণী সপোনে

তোমাক আনি বুকুতে থয়

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ

দেখিবৰে পৰা তোমাকে চাওঁ

চকু নাযায় আন কালৈ

লগৰী বোলোনে কোৱানা

ঘুমটিৰ বেলাতে চিকুণী সপোনে

তোমাক আনি বুকুতে থয়

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ ।

 

ফুটুকীয়া সেই ফৰক চোলাটিৰে

তোমাকে পাইছিলোঁ ল’ৰালিত

ফলি-কিতাপ লৈ বহিছিলা সোণ

পাঠশালাৰে বাকৰিত

ফুটুকীয়া সেই ফৰক চোলাটিৰে

তোমাক পাইছিলোঁ ল’ৰালিত

ফলি-কিতাপ লৈ বহিছিলা সোণ

পাঠশালাৰে বাকৰিত

হেঁচুকি থৈ যায় অতীতে

হাতে বাওলি সোঁৱৰণে মাতে

মনটো যায় নিতে গাঁৱলৈ

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ ।

 

চতিয়না জোপা একেই আছেনে

তোমাৰ নঙলা মুখতে

দুয়োৰে শৈশৱ লগতে ৰাখি থৈ

কুক-ভা এতিয়াও খেলানে

চতিয়না জোপা একেই আছেনে

তোমাৰ নঙলা মুখতে

দুয়োৰে শৈশৱ লগতে ৰাখি থৈ

কুক-ভা এতিয়াও খেলানে

নৈপৰীয়া বা ৰুণ্ জুণ্

ওভতি আহিছোঁ আপোন গাঁৱলৈ

আছা হ’বলা বাটে চাই

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ ।

 

দেখিবৰে পৰা তোমাকে চাওঁ

চকু নাযায় আন কালৈ

লগৰী বোলোনে কোৱানা

ঘুমটিৰ বেলাতে চিকুণী সপোনে

তোমাক আনি বুকুতে থয়

হেই ...

আগলি বাঁহৰে গগণা বজাওঁ

মাতে লাহৰি-লাহৰিকৈ ।।

Hits: 4899